প্ৰশ্ন:- 'হাহা হুহু 'কোন আছিল? এওলোকক কোনে কি কাৰণে সৃষ্টি কৰিছিল লিখা ।
Ans:- 'হাহা হুহু' আছিল পাৰ্বতীৰ মানস পুত্ৰ।
এদিন পাৰ্বতীয়ে মহাদেৱক ধিক্কাৰ দি কৈছিল, যে মহাদেৱে ভাং , ধুতুৰা খাই বহি থাকে, গৃহস্থৰ কাম-কাজ একো নকৰে । ঘৰত থকা বৃষভেৰে হাল বাই খেতি-বাতি কৰি এগাল ধান নাৰ্জে। এনে ককৰ্থনা শুনি মহাদেৱে খেতি কৰিবলৈ ওলাই যায় । মহাদেৱে খেতি কৰি উভৈনদী কৰি পেলালে। কিন্তু তেওঁ খোৱা-শোৱা বাদ দিলে , ঘৰলৈ আহিবলৈ পাহৰিলে।গিৰীয়েক ঘৰলৈ নহা দেখি পাৰ্বতী চিন্তিত হৈ পৰিল আৰু ঘৰলৈ ঘুৰাই আনিবলৈ নন্দী-ভৃংগীকে আদি কৰি বিভিন্ন মানুহ পঠিয়ালে। ডাঁহ, মহ, চেৰেপা সৃষ্টি কৰি মহাদেৱক আমনি কৰিবলৈ পঠিয়ালে গিৰীয়েক নাহিল। গিৰীয়েক নহা দেখি পাৰ্বতীয়ে দুই মানস পুত্ৰ হাহা হুহু সৃষ্টি কৰি মহাদেৱক ঘৰলৈ ঘুৰাই আনিবলৈ পঠিয়ায়।

No comments:
Post a Comment