১/ জন্ম দিওঁতা আৰু লালন-পালন কৰি ডাঙৰ-দীঘল কৰোতা  সকলক আনন্দৰামে কেনেদৰে ভক্তি আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছিল?


উত্তৰ:-                     আনন্দৰাম বৰুৱাই প্ৰকৃত জ্ঞানৰ অধিকাৰী হৈ জন্মলাভ কৰাৰ সাৰ্থকতা উপলব্ধি কৰিছিল। জন্মদাতা, লালন-পালন কৰি ডাঙৰ কৰোঁতা উপৰিস্থসকল, সংগীসকল, জ্ঞানদাতা সকল দেশ বা সমাজৰ প্ৰতি কৃতজ্ঞ আছিল। দেশে-বিদেশে শিক্ষা লাভ কৰি অগাধ পণ্ডিত  হৈ উঠা বা ৰজাঘৰীয়া ডাঙৰ বিষয় পোৱা সত্ত্বও তেওঁৰ সেইসকলৰ প্ৰতি থকা ভক্তি আৰু কৃতজ্ঞতা কমা নাছিল। সংস্কৃত সাগৰ মথি জগত বিখ্যাত পণ্ডিত সকলৰ শাৰীত বহি তেওঁ সংস্কৃতৰ সুবৃহৎ গ্ৰন্থ লিখিছিল। তথাপি তেওঁ দুৰ্লভে  শ্বৰী আৰু গৰ্গৰামৰ পুত্ৰ পৰশুৰাম আৰু জানকীৰামৰ ভ্ৰাতৃ বুলি পৰিচয় দিহে সন্তোষ লাভ কৰিছিল। এনেদৰেই আনন্দৰামে জন্ম দিওঁতা আৰু ডাঙৰ-দীঘল কৰোঁতা সকলৰ প্ৰতি ভক্তি আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছিল।  

Class 12Assamese MIL Answer প্ৰশ্ন:- 'হাহা হুহু 'কোন আছিল? এওলোকক কোনে কি কাৰণে সৃষ্টি কৰিছিল লিখা ।

প্ৰশ্ন:- 'হাহা হুহু 'কোন আছিল? এওলোকক কোনে কি কাৰণে সৃষ্টি কৰিছিল লিখা ।

Ans:- 'হাহা হুহু' আছিল পাৰ্বতীৰ মানস পুত্ৰ।
          এদিন পাৰ্বতীয়ে মহাদেৱক ধিক্কাৰ দি কৈছিল, যে মহাদেৱে ভাং , ধুতুৰা খাই বহি থাকে, গৃহস্থৰ কাম-কাজ একো নকৰে । ঘৰত থকা বৃষভেৰে হাল বাই খেতি-বাতি কৰি এগাল ধান নাৰ্জে। এনে ককৰ্থনা শুনি মহাদেৱে খেতি কৰিবলৈ ওলাই যায় । মহাদেৱে খেতি কৰি উভৈনদী কৰি পেলালে। কিন্তু তেওঁ খোৱা-শোৱা বাদ দিলে , ঘৰলৈ আহিবলৈ পাহৰিলে।গিৰীয়েক ঘৰলৈ নহা দেখি পাৰ্বতী চিন্তিত হৈ পৰিল আৰু ঘৰলৈ ঘুৰাই আনিবলৈ নন্দী-ভৃংগীকে আদি কৰি বিভিন্ন মানুহ পঠিয়ালে। ডাঁহ, মহ, চেৰেপা সৃষ্টি কৰি মহাদেৱক আমনি কৰিবলৈ পঠিয়ালে গিৰীয়েক নাহিল। গিৰীয়েক নহা দেখি পাৰ্বতীয়ে দুই মানস পুত্ৰ হাহা হুহু সৃষ্টি কৰি মহাদেৱক ঘৰলৈ  ঘুৰাই আনিবলৈ পঠিয়ায়।


Class 12Assamese MIL Answer প্ৰশ্ন:- "যথা নিযুত্তোহস্মি তথা কৰোমি" । - এই বাক্য শাৰি প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা ।

Ans:- উক্ত কথাফাকি আমাৰ পাঠ্যপুঠিৰ অন্তৰ্গত লক্ষ্মীনাথ বেজবৰুৱাই লিখা 'মোৰ মাতৃমুখ দৰ্শন ' নামৰ পাঠটিৰ পৰা তুলি লোৱা হৈছে ।
            উক্ত সংস্কৃত পদটিৰ অৰ্থ হ'ল যিদৰে নিযুক্ত হৈছো তাকে কৰিছো।
           কৰ্মসূত্ৰে উৰিষ্যা সম্বলপুৰত থাকিবলৈ লোৱা লক্ষ্মীনাথ বেজবৰুৱাই ডেৰ-দকুৰি বছৰ পাছত ১৯৩০ চনত মাতৃভুমি অসমলৈ উভতি আাহে । ২২ ছেপ্টেম্বৰ তাৰিখে তেওঁ গুৱাহাটীত উপস্থিত হয় । তেওঁক  সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে কটন কলেজৰ ছাত্ৰসকলে গধুলি এখন সভা অনুষ্ঠিত কৰে । সিদিনা বেজবৰুৱাৰ গা সিমান ভাল নাছিল । তথাপি জাতীয় সাহিত্যৰ কাণ্ডাৰী হিচাপে সভালৈ গৈ ছাত্ৰসকলক উৎসাহিত কৰাটো তেওঁৰ দায়িত্ব বুলি ভাবিছিল । ঈশ্বৰে যেন তেনেবোৰ কাম কৰিবলৈ তেওঁক পৃথিৱীলৈ পঠিয়াইছে। -এই ভাৱ প্ৰকাশ কৰিবলৈ লেখকে উক্ত পদটিৰ অৱতাৰণা কৰিছে।


প্ৰশ্ন:- লক্ষ্মীনাথ বেজবৰুৱাৰ মতে বিদেশী নাটকৰ অসমীয়া অনুবাদ কেনে হোৱা উচিত ।

Ans:- লক্ষ্মীনাথ বেজবৰুৱাক ডিব্ৰুগড়ৰ ডেকা সকলৰ নাট্যচৰ্চাই বিশেষভাৱে আাকৰ্ষণ কৰিছিল। বেজবৰুবাই গুৰুত্ব দিছিল। কিন্তু অসমীয়া ভাষাত তেনে নাটকৰ সংখ্যা আছিল অতি কম। বিদেশী ভাষাৰ নাটক অসমীয়ালৈ ভাংনি কৰি মঞ্জস্থ কৰা কথাটো তেওঁ বৰ ভাল নাপালেও একেবাৰে অভিনয় নকৰাটোও সমৰ্থন কৰা নাছিল। বিদেশী নাটক পকৃত অসমীয়ালৈ অনূবাদ হলেহে অসমীয়া সাহিত্য সমৃব্ধ হব বুলি তেওঁ ভাবিছিল। তাকে নকৰি আধাকেছেলুৱা ভাষা সংস্কৃতিৰ প্ৰচলন হ'লে সি অসম তথা
অসমীয়াৰ ক্ষতিহে কৰিব।
                 এসময়ত কলিকতা নিবাসী কেইগৰাকীও অসমীয়া ছাত্ৰই লগহৈ শ্বেক্সপীয়েৰৰ Comedy of errors নাটকখন 'ভ্ৰমৰংগ ' নামৰ অসমীয়ালৈ অনবাদ কৰিছিল সৰ্ববাধাৰণক আকৃষ্ট কৰিব পৰা ধাৰণৰ বিদেশী নাট অসমীয়ালৈ ভাঙি তাক অসমীয়া সজ-পাৰ পিন্ধাই অসমীয়া ৰংগশালাত তুলি দিয়াত বেজবৰুবাই বিচাৰে।

Class 12Assamese MIL Answer পশ্ন:- " গিৰীয়েক অঁকৰা মৈত উঠিল আৰু মৈৰ পৰা ননমাই হ'ল "- ইয়াত কাৰ গিৰীয়েকৰ কথা আৰু কিয় কৈছে ?

 Ans:- গিৰীয়েক অঁকৰা মৈত উথিল অৰু মৈৰ পৰা ননমাই হ'ল -ইয়াত পাৰ্বতীৰ গিৰীয়েক অৰ্থাৎ মহাদেৱৰ কথা কৱা হৈছে । এবাৰ পাৰ্বতীয়ে মহাদেৱক ঘৰতে ভাং , ধুতুৰা খাই বহি থকাৰ বাবে ধিক্কাৰ দিছিল কিয়োনো তেওঁ গৃহস্থৰ কাম-কজ মন দিয়া নাছিল। খেতি কৰি ধান নৰ্জালৈ পাৰ্বতীয়ে কৰা ককৰ্থনা শুনি  বৃষভক লৈ মহাদেৱে খেতিত ধৰিলে। খোৱা-শোৱা বাদ দি তেওঁ উভৈনদী কৰি পেলালে আনকি ঘৰৰৈও নহা হ'ল ।